Assamese Creation Info
ASSIGNMENT ANSWER :- 3
CURSE- 509
.....................................................................................
Q. No 1. Explain the concept of Continuous and comprehensive evaluation (CCE). How will you use CCE for your learner in social science? Explain through examples based on your experiences.
ধাৰাবাহিক আৰু অবিৰত মূল্যায়নৰ ধৰণা ব্যখ্যা কৰা, সমাজ বিজ্ঞানৰ শিক্ষার্থী সকলৰ ক্ষেত্রত কিদৰে ব্যৱহাৰ কৰিব, আপোনাৰ অভিজ্ঞতাৰ ওপৰত উদাহৰণসহ ব্যখ্যা কৰা |
ANS:- মুল্যায়ন হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা ছাত্ৰ -ছাত্ৰীক বিদ্যায়তনিক দিশত অধ্যয়ন আৰু নিৰীক্ষণ কৰি তেওঁলোকৰ আচৰণৰ পৰিৱৰ্তন ঘটাই লক্ষ্যত উপনীত কৰোৱা হয় । ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ দুৰ্বলতা আৰু পাৰদৰ্শিতা সমূহ নিৰূপন কৰি পুনঃ শিক্ষণৰ ব্যৱস্থা কৰিব পাৰি।
ধাৰাবাহিকবা অবিৰত মূল্যাংকন হৈছে অতি কম সময়ৰ মূৰে মূৰে মূল্যাংকন কৰা। এই মূল্যাংকনত গোট পৰীক্ষা, শিক্ষাৰ্থীৰ শিকন ঘাটি চিনাক্ত কৰন আৰু ইয়াৰ প্ৰতিকাৰ, আৰু শিক্ষাৰ্থীয়ে আহৰন কৰা তথ্য আদি কাৰ্য্যই ছাত্ৰ ছাত্ৰীৰ শিকন দৃঢ় আৰু স্থায়ী কৰে।
বোধগম্য বা অবিৰত মূল্যায়ন বুলিলে ছাত্ৰ -ছাত্ৰীয়ে অতি সহজে বুজিব পৰাকৈ কৰা মূল্যায়ন কাৰ্য্যকে বুজায় । যিহেতু মাত্ৰ মৌখিক বা লিখিত কাৰ্য্যৰ জৰিয়তে সম্পূৰ্ণ মূল্যাংকন কৰিব নোৱাৰি তাৰ বাবে বিভিন্ন কৌশল আৰু আহিলা অবলম্বন কৰি অবিৰত আৰু বোধগম্য মূল্যায়ন কৰা হয় । এনে মূল্যাংকনে ছাত্ৰ -ছাত্ৰীৰ শিকন পাৰদৰ্শিতাৰ সকলো দিশতে মূল্যাংকন কৰিব পাৰি | শিকণ হৈছে এটা অবিৰত প্ৰক্ৰিয়া । সেয়ে অবিৰত মুল্যাংকনৰ ফলত ছাত্ৰ ছাত্ৰীৰ পৰা প্ৰতিক্ৰিয়া অৰ্থাৎ ফিডবেক লাভ কৰিব পাৰি। এই প্ৰতিক্ৰিয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতা, শিকণ অভিজ্ঞতা আদিৰ বিষয়ে জ্ঞাত হৈ পুনঃ শিকনৰ ব্যাবস্থা কৰিব পাৰি।
ইয়াৰ উপৰিও ধাৰাবাহিক আৰু বোধগম্য মুল্যাংকনে পাঠ্যক্ৰমৰ বিষয় সূচী অতি সোনকালে বুজি পোৱাত সহায় কৰে আৰু তেওঁলোকৰ প্ৰজ্ঞানাত্মক দিশবোৰ বিকশিত হৈ উঠে।
অবিৰত আৰু ধাৰাবাহিক মূলাযায়নে সমাজ বিজ্ঞানৰ শিক্ষক সকলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে | সমাজ বিজ্ঞানৰ শ্ৰেণীত অবিৰত আৰু ধাৰাবাহিক মূল্যায়নে শিশুৰ মনযোগ, সৃষ্টিশীল বিকাশ, প্ৰতিভা বিকাশৰ উৎকৃষ্ট মাধ্যম |
সমাজ বিজ্ঞানৰ শিক্ষাৰ্থী সকলৰ ক্ষেত্ৰত অবিৰত আৰু ধাৰাবাহিক মূল্যায়ন ব্যৱহাৰ কৰাৰ কেইটামান উপায় -----------
১. ছাত্ৰ ছাত্ৰীয়ে সমাজ বিজ্ঞানৰ অধ্যয়নৰ ক্ষেত্ৰত কিমান খিনি আগবাঢ়িলে তাক মুল্যাংকনৰ জৰিয়তে জানিব পাৰি। তৰোপৰি শিক্ষণ শিকন প্ৰক্ৰিয়া আৰু শিকণ সামগ্ৰীৰ গুনগত মানো এই মুল্যাংকনৰ জৰিয়তে জানিব পাৰি।
২) মুল্যাংকন হৈছে এটা অবিৰত প্ৰক্ৰিয়া। গোট পৰীক্ষা, নিৰ্দেশিত কাৰ্য, ছাত্ৰ ছাত্ৰীক পৰ্যবেক্ষণ, শিক্ষণ শিকণ সামগ্ৰী প্ৰস্তুত, প্ৰকল্প আদি কাৰ্য্যৰ জৰিয়তে মুল্যাংকন প্ৰক্ৰিয়া অবিৰত ভাৱে কৰা হয় । উদাহৰণস্বৰূপে নিদিষ্ট শিকণীয় বিষয়বস্তুৰ ওপৰত শিশুসকলৰ অগ্ৰগতি জানিবলৈ শ্ৰেণীত কেতিয়াবা লিখিত মূল্যায়নৰ ব্যবস্থা কৰা |
৩)বিদ্যায়তনিক আৰু সহঃ বিদ্যায়তনিক দুয়োটা দিশতে ধাৰাবাহিক মূল্যাংকনে সহায় কৰে । ইয়াৰ বাবে শিক্ষাত বিভিন্ন আহিলা ব্যাৱহাৰ কৰিব পাৰি।
৪)অবিৰত আৰু বোধগম্য মুল্যাংকনত অধিক প্ৰশ্ন ভাণ্ডাৰৰ প্ৰয়োজন হয় । এনে প্ৰশ্ন ভাণ্ডাৰৰ শিক্ষাৰ্থীৰ স্ব মুল্যাংকন আৰু সমাজ বিজ্ঞানৰ স্ব অধ্যয়নত সহায় কৰে।
৫)প্ৰকল্প ,ক্ষেত্ৰ অধ্যয়ন, বিভিন্ন দিৱস উদযাপন আদিৰ জৰিয়তে আনুষ্ঠানিক ভাৱে ছাত্ৰ ছাত্ৰীয়ে শিকিব পাৰে । এনে ধৰনৰ কাৰ্য্যই ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিক ভাৱে মুল্যাংকন কৰাৰ ক্ষেত্ৰত শিক্ষককো সহায় কৰে। শিক্ষকে শিক্ষণ শিকণ কাৰ্য্য বোৰ সুন্দৰ বাবভ পৰ্যবেক্ষণ কৰি বিষয় টোৰ ক্ষেত্ৰত আহৰণ কৰা জ্ঞানৰ ধাৰাবাহিক মুল্যাংকন কৰিব পাৰি।
I am also uploaded some reference topic for English medium Teacher. Those pictures I collected from B.ed 2and year Books. If you Read those topic you also easily Make this Assignment.
Created By:- Assamese Creation Info . A Educational YouTube Channel