COURSE 507 Assignment 2


COURSE 507
ASSIGNMENT ANSWER: 2




Question no.1  What are the main objectives of Right to Education Act, 2009? Discuss the multifarious roles of a teacher under this Act.  
শিক্ষাৰ অধিকাৰ আইন 2009 ৰ মূল উদ্দেশ্য কি ? এই আইনৰ অধীনত শিক্ষকৰ বিভিন্ন ভূমিকা  আলোচনা কৰক। 



উত্তৰ:- সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ মূল লক্ষ্য হল সমাজৰ সকলো শ্ৰেণীৰ জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে শিক্ষাৰ ক্ষেত্রত সমান সুযোগ সুবিধা দিয়া বা লাভ কৰা | ভাৰত চৰকাৰে ১৯৫০ চনৰ পৰাই বিনামুলীয় আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ ব্যৱস্তা কৰিছে, কিন্তু ই  ফলপ্ৰসু হৈ উঠা নাছিল|  ২০০৯ চনত ৰাষ্টপতি প্ৰতিভা দেবী সিং পাটিলৰ নেতৃত্বত সংসদত এখন শিক্ষা সম্পর্কিত বিল গৃহীত হয় আৰু সেই বিলটোকে শিক্ষাৰ অধিকাৰ আইন ২০০৯ (RTE Act 2009) বুলি কোৱা হয়



এই শিক্ষাৰ অধিকাৰ আইনৰ মূল উদ্দশ্য হল--------


১)  ৬ৰ পৰা ১৪ বছৰৰ প্ৰতিগৰাকী শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা লাভৰ অধিকাৰ লাভ কৰিব।

২) ৬ বছৰৰ উৰ্ধৰ কোনো শিশুৱে যদি কোনো কাৰণবশতঃ বিদ্যালয়লৈ যোৱাৰ সুযোগ হেৰুৱাই তেন্তে তেনে শিশুক তেওঁৰ বয়স অনুসৰি যথোচিত শ্ৰেণীত পুনৰ নামভৰ্তিৰ ব্যৱস্থা কৰিব লাগিব।

৩) বিদ্যালয়ত নামভৰ্তিৰ সময়ত শিশুৰ অভিভাৱকৰ পৰা বিদ্যালয় কৰ্তৃপক্ষই কোনোধৰণৰ আগধন জমা ল’ব নোৱাৰিব আৰু অভিভাৱকৰ কোনোধৰণৰ যোগ্যতা নিৰূপণ কৰাৰ পৰা বিৰত থাকিব।

৪. লিংগ, আৰ্থ-সামাজিক অৱস্থা, অসামৰ্থতা বা আন যিকোনো বাধাৰ বাবে যাতে এজন শিশুও উন্নত মানদণ্ডৰ মাধ্যমিক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত নহয় তাৰ নিশ্চিত ব্যৱস্থা কৰা।

৫. জাতি-ধৰ্ম- বৰ্ণ- ভাষিক ভেদাভেদৰ বাবে অথবা অৰ্থনৈতিক আৰু সামাজিক যোগ্যতাৰ ভিত্তিত কোনো কাৰণতেই যেন কোনো শিশুৱেই বিদ্যালয়লৈ যোৱাৰ পৰা বিৰত নাথাকে।

৬) ৬ৰ পৰা ১৪ বছৰৰ কোনো শিশুকেই কোনো শ্ৰেণীতেই ৰাখি থ’ব নোৱাৰিব।

৭) বিদ্যালয়ত কোনো শিশুকেই শাৰিৰীক অথবা মানসিক আতিশায্য চলাব নোৱাৰিব।

৮) শিক্ষকসকল সময়মতে বিদ্যালয়লৈ আহিব।

৯. প্ৰতিটো বসতি অঞ্চলৰপৰা যুক্তিসংগত দূৰত্বত মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ব্যৱস্থা কৰা। প্ৰতি ৫ কিলোমিটাৰ দূৰত্বৰ ভিতৰত একোখন মাধ্যমিক আৰু ৭-১০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত উচ্চ মাধ্যমিক বিদ্যালয়ৰ ব্যৱস্থা কৰিবই লাগিব।

১০. বুদ্ধিমত্তা, সামাজিক আৰু সাংস্কৃতিক শিক্ষাৰ প্ৰসাৰৰ বাবে মাধ্যমিক শিক্ষাৰ মান উন্নত কৰিব লাগিব।





শিক্ষাৰ অধিকাৰ আইনত শিক্ষকৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ| শিক্ষক এজন বিদ্যালয়ৰ মূলচাবিকাঠি, শিক্ষক এজন বিদ্যালয় পৰিচালনাৰ ক্ষেত্র ত গুৰুত্বপূৰ্ণ ভূমিকা লয় | তাৰে কেইটামান ভূমিকা হল---

১. বিদ্যালয়ত নামভৰ্ত্তি নকৰা শিশুসকলক চিনাক্ত কৰি নামভৰ্ত্তিৰ বাবে অনুপ্ৰানিত কৰি তেনে শিশুক যথাযোগ্য অৰ্হতা আহৰণৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে |

২. সময়মতে শিক্ষকসকল বিদ্যালয়ত উপস্তিত হব লাগে| আৰু বিদ্যায়ৰ শিক্ষণীয় কামসমূহ কৰিব লাগে |

৩. কোনো লৰা বা ছোৱালী উপযুক্ত সময়ত যদি বিদ্যালয়ত যাব নোৱাৰে তেন্তে তেনে লৰা-ছোৱালীক বয়সৰ লগত খাপ খোৱা শ্ৰেণীত নামভৰ্তি কৰি দিব লাগে আৰু বিশেষ শ্ৰেণীৰ দ্বাৰা উপযুক্ত কৰিব লাগে |

৪. জাত, ধৰ্ম, ভাষা নিৰ্বিশেষে শিক্ষকে সকলো শিক্ষাৰ্থীক সমান চকুৰে চাব লাগে, লগতে শ্ৰেণীত থকা বাধাগ্ৰস্ততা লৰা-ছোৱালীক উপযুক্ত সুবিধা দিব লাগে |

৫. শিক্ষাৰ্থী সকলৰ লগত ভাল ব্যবহাৰ কৰিব লাগে আৰু তেওঁলোকক বিদ্যালয়লৈ নিয়মীয়া কৰিবলৈ আকৰ্ষিত কৰিব লাগে, শিক্ষাৰ্থীসকল কিবা ভূল কৰিলে শাৰীৰিক , মানসিক আদি শাস্তি দিব নালাগে |



সামৰণি:-.........










No comments:

Post a Comment

THE FUN THEY HAD

1. What is the primary setting of the story? a) A traditional school with human teachers b) A futuristic home with a mechanical teacher c) A...