Course 506 Assignment

Books



Q.  Explain various Dimension of Development. Discuss the role of Family, Teacher and Media in Growth and Development of a Child.



বিকাশ হল এক গতানুগতিকভাবে সময়ৰ লগে লগে চলি থকা এক প্ৰক্ৰিয়া, কিন্তু বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপত হৈ নুঠে। কোনো সময়ত এই গতি দ্ৰুততৰ হৈ উঠে আৰু আন কোনো সময়ত ই মন্থৰ হৈ পৰে। চমুকৈ কেচুৱা এজনৰ জন্মৰ পিছৰ পৰা পৰা মৃত্যৰ আগলৈ হোৱা সকলো ধৰণৰ পৰিবৰ্তন বা উন্নয়নেই হল বিকাশ|


মানুহৰ বিকাশৰ স্তৰ বা পৰ্যায়কেইটাৰ বিভাজন আৰু তাৰ সময়সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত বহুজন চিন্তাবিদসকলৰ মাজত মত-পাৰ্থক্য থকা দেখা যায়, ইয়াৰ ভিতৰত ৰুছোৰ বিভাজনটোৱেই বেছি জনপ্ৰিয় বা গ্ৰহণয়োগ্য |
তেওঁৰ বিভাজনটো হল

1.   জন্মৰ পৰা ৫ বছৰলৈ শৈশৱকাল

2.   ৫-১২ বাল্যকাল

3.   ১২-১৫ ল’ৰালি বা প্ৰাক্‌-কৈশোৰ কাল

4.  ১৫-২০ বয়:প্ৰাপ্তি বা শেহতীয়া কৈশোৰ কাল


 শৈশৱ কাল :-  জন্মৰ পৰা ৫ বছৰ বয়সলৈকে জীৱনৰ এই  প্ৰথম সময়ছোৱাক শৈশৱ কাল বুলি জনা যায়।  এই সময়ছোৱাৰ জন্মৰ পৰা নাড়ী সংযোগ বিচ্ছিন্ন নকৰালৈকে সদ্যোজাত বোলা হয়। নাড়ী সংযোগ বিচ্ছিন্ন হোৱাৰে পৰা প্ৰায় এমাহ সময়লৈকে নৱজাত। নৱজাত শিশুৰ বিশেষত্ব হৈছে পৰিবেশত দৈহিক সমাযোজন স্থাপনৰ বাবে কৰা চেষ্টা এই সময়ত দৈহিক বিকাশৰ গতি হয় সৰ্বাধিক|
এই স্তৰৰ কেইটামান বৈশিষ্ট হল

বাল্যকাল:- বাল্যকালক ব্যক্তিৰ শিক্ষা বিকাশৰ দ্বিতীয় স্তৰ স্বৰূপে গণ্য কৰা হয়। শিশুৰ ৬ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সলৈকে এই স্তৰৰ সময়সীমা ধৰা হয়। বাল্যকালক আগতীয়া বাল্যকাল আৰু শেষতীয়া বাল্যকাল বা প্ৰাক্‌-কৈশোৰ স্বৰূপে দুটা উপ-বিভাগ কৰা হয়। বিকাশৰ দৃষ্টিকোণৰ পৰা শেষতীয়া বাল্যকাল অধিক তাৎপৰ্যপূৰ্ণ হৈ উঠে। বাল্যকালক সাধাৰণতে লিখা-পঢ়া কৰা সময় বা ‘Schooling age’ বুলি জনা যায়।

কৈশোৰকাল :- কৈশোৰ’ শব্দটোৰ ইংৰাজী শব্দ ‘adolescence’ ৰ উৎপত্তি ‘adolescer’ শব্দৰ পৰা হৈ উঠিছে। ইয়াৰ অৰ্থ হৈছে ‘to grow’ বা ‘বৰ্ধন’ হোৱা। এই কালছোৱা হৈছে ব্যক্তিৰ দ্ৰুত দৈহিক বৃদ্ধিৰ সময়। কৈশোৰ কালৰ পৰিৱৰ্তন সম্বন্ধে সমাজৰ লোকে ইতিবাচক আৰু নেতিবাচক মন্তব্য প্ৰকাশ কৰে। কোৱা হয় যে কৈশোৰ কাল হৈছে ধুমুহা আৰু পীড়নৰ সময়। এই সময়চোৱা দুটা ভাগত ভাগ কৰা হৈছে, ১২ৰ পৰা ১৫ বছৰলৈ প্ৰাক কৈশোৰ কাল আৰু ১৫ৰ পৰা ২০ লৈ শেহতীয়া কৈশোৰ কাল |


এতিয়া আমি জানিম বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত পৰিয়াল, শিক্ষক আৰু জনসংয়োগ ব্যৱস্তাৰ ভূমিকা কি |
পৰিয়াল :-  শিশু এটাৰ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত পৰিয়ালে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, কিয়নো শিশু এটাই জন্ম গ্ৰহন কৰাৰ পিছৰ পৰাই পৰিয়ালৰ মাজত ৫ বছৰ বয়সলৈকে বেছি সময় কটায়, শিশু এটাই শৈশৱ কালত সকলো সময়তে ডাঙৰৰ পৰা অনুকৰণ কৰিবলৈ চেষ্টা কৰে , আৰু সেইকাৰণে শিশু এটাই পৰিয়ালৰ মাজত বেছি সময় থকাৰ কাৰণে পৰিয়ালৰ সদশ্যৰ সকলো আচৰণ , দিশ, আদি অনুকৰন কৰে, য়দিহে  পৰিয়ালৰ সদশ্যসকল ভাল হয় তেন্তে  সেই পৰিয়াৰ শিশু এটাও ভাল হয় আৰু বিকাশৰ ক্ষেত্ৰতো তেনে শিশুৰ মানসিক, সামাজিক, শাৰীৰিক লগতে বৌদ্ধিক বিকাশো ভল হয়, সেয়েস  এটা ভাল পৰিয়াল শিশুৰ বাবে গুৰুত্বপূৰ্ণ |

শিক্ষক:- শিশুৰ চৰিত্ৰ আৰু বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ৰ মজিয়াত শিক্ষকসকলৰ ভূমিকাও বৰ গুৰুত্বপূৰ্ণ দৰাচলতে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকসকলক আটাইতকৈ বেছি অনুসৰণ কৰে। গতিকে বিদ্যালয়ত ভৰি দিয়াৰ পাছৰে পৰা শিশুসকলক উপযুক্ত সম্পদ হিচাপে গঢ়ি তোলাৰ দিশত সমাজে প্ৰচুৰ দায়িত্ব পালন কৰাটো প্ৰয়োজন। এক কথাত শিশুসকলৰ দৈহিক মানসিক, বৌদ্ধিক আধ্যাত্মিক এই সকলো দিশ প্ৰস্ফুটিত হোৱাৰ সুযোগ ঘটে শিক্ষকসকলৰ মাধ্যমেদিয়ে। সেয়ে ঋষি অৰবিন্দই শিক্ষকসকলক মালীৰ লগত তুলনা কৰি কৈছে যে, ‘শিক্ষকসকল ৰাষ্ট্ৰৰ সংস্কৃতি পথাৰৰ মালী স্বৰূপ। মালীগৰাকীয়ে যেনেকৈ ফুলনি দৰাত থকা ফুলগছ বিলাকত সাৰ পানী যোগায়, চিকুনাই ৰাখি লহপহকৈ বঢ়াত সহায় কৰে যাৰ পৰিণতিত সময়ত ফুলগছ বিলাক বহুৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰে থিক তেনেকৈয়ে শিক্ষকসকলেও নিষ্ঠা, একাগ্ৰতা আৰু আদৰ্শনিষ্ঠ কৰ্মৰাজিৰ মাধ্যমেৰে শিশু ছাত্ৰ-ছাত্ৰীসকলক জ্ঞানৰ বন্তিৰে উজলাই তোলাত অৰিহণা যোগাব লাগে। এনে কৰিলেহে সময়ত শিশুসকল একো একোজন প্ৰকৃত মানৱ সম্পদলৈ পৰিণত হ’ব আৰু সমাজখনৰ উন্নয়নৰ বাবে বিপুল অৰিহণা যোগাবলৈ সক্ষম হ’ব।

No comments:

Post a Comment

THE FUN THEY HAD

1. What is the primary setting of the story? a) A traditional school with human teachers b) A futuristic home with a mechanical teacher c) A...