509 Assignment

ASSIGNMENT ANSWER 3
CURSE- 508





Question no 2.  What are the principles of First Aid?  Briefly discuss the First Aid in case of bleeding and unconsciousness to be given to a child.



Ans :- কোনো এজন লোক যেতিয়া আঘাটপ্ৰাপ্ত হয় বা হঠাত অসুস্থ হৈ পৰে, তেওঁক চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদান কৰালৈকে যিখিনি সময় পোৱা যায়;  সেই সময়খিনি লোকজনৰ জীৱনৰ বাবে বৰ গুৰুত্বপূৰ্ণ আৰু সংকটপূৰ্ণ সময় হয় আৰু এইসময় খিনিৰ মাজত ব্যক্তিজনক ঘৰুৱাভাবে কটা গলে ভালকৈ পৰিস্কাৰ কৰি বান্ধি দিয়া, জ্বৰ উঠিলে মূৰত পানী ঢালা আদি কৰি বেমাৰী জনক অলপ সুস্ত কৰাৰ বাবে যি চিকিৎসা কৰা হয় তাকে প্ৰাথমিক চিকিৎসা বা First Aid বুলি কোৱা হয় |



প্ৰাথমিক চিকিৎসা কৰিবলৈ যোৱাৰ আগতে কেইটামান নীতি বা পৰামৰ্শ মানি চলিব লাগে, সেইবোৰ হল.......
১. আক্ৰান্ত লোকজনক সহায় কৰাৰ আগতে নিজে সুৰক্ষিত হৈ ল’ব লাগে। সামগ্ৰিকভাৱে পৰিস্থিতিটো অধ্যয়ন কৰি ল’ব লাগে। প্ৰয়োজনীয় ক্ষেত্ৰত আক্ৰান্ত ব্যক্তিৰ তেজ বা শৰীৰৰ পৰা নিৰ্গত হোৱা আন পদাৰ্থৰ সংস্পৰ্শলৈ নাহিবৰ বাবে ৰবৰৰ হাত মোজা পিন্ধি ল’ব লাগে।

২. কোনো জৰুৰী অৱস্থাৰ সৃষ্টি হ’লে লক্ষ্য ৰাখিব লাগে যাতে, লোকজনৰ জিভাই মুখেৰে উশাহ লোৱাৰ পথ বন্ধ কৰি নিদিয়ে। মুখখন সদাই উশাহ ল’ব পৰাকৈ মুকলি হৈ থাকিব লাগে। মুখত কোনো জুলীয়া পদাৰ্থ বা বাহিৰা বস্তু যাতে নাথাকে তাৰ প্ৰতি গুৰুত্ব দিব লাগে। আক্ৰান্ত ব্যক্তিয়ে নিজে উশাহ ল’ব নোৱাৰিলে কৃত্ৰিম শ্বাস-প্ৰশ্বাস দিব লাগে।

৩. আক্ৰান্ত ব্যক্তিৰ ৰক্তক্ষৰণৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ নাড়ীস্পন্দন আৰু তেজৰ চলাচল ঠিকে আছেনে নাই চাব লাগে। আক্ৰান্ত ব্যক্তিৰ যদি বেছিকৈ তেজ গৈ থাকে, যদি বিহজাতীয় বস্তু সেৱন কৰিছে বা যদি হৃদস্পন্দন বা শ্বাস-প্ৰশ্বাস একেবাৰে বন্ধ হৈ গৈছে; তেতিয়া হ’লে খুউব ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

৪.  কোনো এজনে প্ৰাথমিক চিকিৎসা দি থকাৰ সময়তে আন এজনে চিকিৎসকক মাতিব লাগে আৰু প্ৰয়োজনত এম্বুলেঞ্চ আহি নোপোৱালৈকে কি কি কৰণীয় তাৰ পৰামৰ্শ ল’ব লাগে |

৫. নিজে শান্ত সুস্থিৰভাৱে থাকি আক্ৰান্ত ব্যক্তি গৰাকীক মানসিকভাৱে সকাহ, সহযোগিতা আগবঢ়াব লাগে।




শৰীৰৰ তেজ সংঞ্চালন প্ৰক্ৰিয়াৰপৰা তেজ কমি যোৱাটোকে ৰক্তপাত বুলি কোৱা হয়। তেজ ক্ষয় আভ্যন্তৰীণ ভাৱেও হ’ব পাৰে বাহিৰতো হ’ব পাৰে। ৰক্তবাহী শিৰাৰপৰা শৰীৰৰ ভিতৰতে ৰক্তপাত হ’ব পাৰে বা কোনো কটা বা আঘাটৰ ফলত শৰীৰৰ বাহিৰতো ৰক্তপাত হ’ব পাৰে। ৰক্তপাতৰ বিষয়ে প্ৰথমে শিশুক পৰামৰ্খ দিব লাগে কেনেকৈ ৰক্তপাত বন্ধ কৰিব পৰা যায়,


সৰু লৰা বা ছোৱালীক ৰক্তপাত আৰু অচেতন অবস্তাত কেনেকৈ  প্ৰাথমিক চিকিৎসা দিয়া হব চমূকৈ আলোচনা কৰা .

১. ৰক্তপাত হলে প্ৰথমে শিশুক সাহস দিব লাগে যাতে শিশুৱে ভয় নকৰে,|

২. কোনোঠাইত যদি কটা যায় তেন্তে শিশুৰ ক্ষেত্রত প্ৰথমে কটা ঠাইখিনি আঘাত নোপোৱাকৈ পৰিস্কাৰ কৰি পৰিস্কাৰ কাপোৰেৰে বান্ধিব লাগে |

৩. ৰক্তপাত হোৱাৰ সময়ত শিশু এজন যদি অচেতন হৈ পৰে তেন্তে তাতালিকে তেওক চেতনা আনিবলৈ ব্যৱস্তা কৰিব লাগে আৰু ভিৰ নকৰি মুকলি বতাহঁ আহিব দিব লাগে |

৪. যদি ৰক্তক্ষৰণ বেছিকৈ হয় তেন্তে ততালিকে এম্বোলেন্চ মাতিব লাগে আৰু চিকিৎসালৈ লৈ যাব লাগে |

৫. শিশুৰ লগত মাজে মাজে কথা পাতিব লাগে যাতে অচেতন নহয় আৰু শিশুক লৰচৰ কৰিব দিব নালাগে |


সামৰণি............




























No comments:

Post a Comment

THE FUN THEY HAD

1. What is the primary setting of the story? a) A traditional school with human teachers b) A futuristic home with a mechanical teacher c) A...