ASSIGNMENT ANSWER 3
CURSE- 508
.....................................................................................
Q.no1. Define Health as per World Health Organisation. Discuss the key factors that affect health?
বিশ্ব স্বাস্হ্য সংস্থাৰ মতে স্বাস্হ্য মানে কি বা সংঙ্গা দিয়া | স্বাস্হ্যত প্ৰভাব পেলোৱা কেইটামান উপাদানৰ বিষয়ে আলোচনা কৰা |
উত্তৰ :- স্বাস্হ্য হল মানুহৰ জীবনৰ অমূল্য সম্পদ, স্বাস্হ্য ভালে থাকিলেহে মন ভালে থাকে, মানুহ এজন শখত, ওখ হলেই ইয়াক ভাল স্বাস্হ্যৰ অধিকাৰী বুলি কব নোৱাৰি, ভাল স্বাস্হ্যৰ অধিকাৰী তেতিয়াহে মানুহ এজনক কব পাৰিম যেতিয়া মানুহ জন দেহ মনৰ লগতে শাৰিৰীক, মানসিক আৰু আধ্যাত্মিভাবে সুস্ত হৈ থাকিব |
বিশ্ব স্বাস্থ্য সংস্থা (World Health Organisation ) ৰ মতে : "স্বাস্থ্য মানে কেৱল ৰোগ আৰু দূৰ্বলতা বিহীন নহয়, ই হৈছে পূৰ্ণাংগ শাৰীৰিক, মানসিক আৰু সামাজিক সক্ষমতা"।
স্বাস্হ্যৰ ক্ষেত্রত কিছুমান এনে উপাদান আছে যিবিলাকে ভাল স্বাস্হ্য বা সুস্ত স্বাস্হ্যৰ ক্ষেত্রত প্রভাব পেলায় | সেইবোৰ হল -------
১. শিক্ষা :- শিক্ষা হল মানুহৰ স্বাস্হ্যৰ ক্ষেত্রত প্ৰভাব পেলোৱা এটা গুৰুত্বপূৰ্ণ উপাদান | মানুহ এজন উপযুক্ত শিক্ষাৰে শিক্ষিত হলে কোনটো ভাল কোনটো বেয়া আদি বুজি পাব আৰু স্বাস্হ্যৰ ক্ষেত্ৰত লব লগা সাবধানতা সমূহ আদি মানি চলিব, কিন্তু এজন অশিক্ষিত ব্যক্তিয়ে এনেধৰণৰ সাবধনতা বা ভাল বেয়া আদি বুজি নাপাব আৰু যাৰ ফলত বহুতো ধৰণৰ বেমাৰ আজাৰত ভুগিব বা সুস্বাস্হ্যৰ গৰাকী হৈ নুঠিব |
২. সামাজিক স্হিতি বা অৰ্থনৈতিক স্হিতি :- সামাজিক বা অৰ্থনৈতিক স্হিতিয়েও স্বাস্হ্যৰ ক্ষেত্ৰত প্ৰভাব পেলায়, অৰ্থনৈতিকভাবে দুৰ্বল শ্ৰেণীৰ লোকসকলে বহুতো সময়ত পুষ্ঠিকৰ বা অভাবজনিত ৰোগত ভোগা দেখা যায় কিয়নো এনে শ্ৰেণীৰ লোকসকল সময়মতে পুষ্ঠিকৰ বা ভিটামিন জাতীয় আদি খাদ্য নাপায়, য়াৰ ফলত বেমাৰ বা অস্বাস্হ্যকৰ ভোগা দেখা যায়
৩. সামাজিক বা ঘৰৰ পৰিবেশ :- সামাজিক পৰিবেশ স্বাস্হ্যৰ ক্ষেত্ৰত প্ৰভাব পেলোৱা এটা গুৰুত্বপূৰ্ণ উপাদান | সুস্বাস্হ্য, এটা ভাল পৰিবেশৰ ওপৰতো নিৰ্ভৰ কৰে | যদি ঘৰৰ চাৰিওঁফালে লেতেৰা হৈ থাকে তেন্তে তেনে পৰিবেশত বাস কৰা মানুহৰ বেমাৰ আজাৰ হোৱাৰ সম্ভভনা বেছি থাকে | সেহেয সুস্বাস্হ্যৰ কাৰণে ভাল পৰিবেশৰ দৰকাৰ |
৪. বংশগতি বা জিনেটিক :- বংশগতি বা জিনেটিকো মানুহৰ স্বাস্হ্যৰ ক্ষেত্রত প্ৰভাব পেলায় | এনে কিছুমান বেমাৰ আছে যিবোৰ পূৰ্বপূৰুষৰ পৰা উত্তৰ পুৰুষলৈ জিনৰ দ্বাৰা আহে , উদাহৰণস্বৰূপে মধুমেহ বা ডায়বেটিছ বেমাৰ যদি কোনো এটা পৰিয়ালত থাকে তেন্তে সেই পৰিয়ালৰ পূ্ৰ্বপূৰুষ শৰীৰতো সেই বেমাৰ আছিল আৰু সেই বেমাৰ ভবিৎষততো হোৱাৰ সম্ভবনা থাকে |
৫. স্বাস্হ্য সেৱা :- স্বাস্হ্য সেৱা মানে হল উপযুক্ত বা সময়ে সময়ে স্বাস্হ্যৰ পৰীক্ষা কৰা কাৰ্য় | কিয়নো সময়ৰ মূৰে মূৰে স্বাস্হ্যৰ পৰীক্ষা কৰিলে যদি কিবা বেমাৰ থাকে তেন্তে তাৰ উপযুক্ত ব্যৱস্হা লব পৰা যায়, য়াৰ ফলত স্বাস্হ্যত কোনো প্ৰভাব নপৰে |
সাামৰণি :-
Created by :- Assamese Creation Info A Educational YouTube Channel
No comments:
Post a Comment