ASSIGNMENT ANSWER 1
CURSE- 507
1. Explain how education and socialization are interrelated? What is the influence of community in the life skill development of the learners? Discuss
Ans:- সামাজিকৰণ এটা প্ৰক্ৰিয়া যাৰ সহায়ত ব্যক্তিয়ে সামাজিক পৰম্পৰা, নীতি নিয়মৰ লগত সংপৃক্ত হৈ আচৰণ প্ৰদৰ্শন কৰে | সামাজিকৰণৰ দ্বাৰা এজন ব্যক্তিক সমাজৰ লগত খাপ খুৱাই লোৱা হয় | মানৱ শিশুৱে অনুকৰণৰ প্ৰৱণতা আহৰণ কৰে আৰু সিহঁতৰ বিকাশ হয়, তেওঁলোকে বাস কৰা ঠাইৰ মাধ্যমতে | সেই প্ৰৱণতাৰ মাধ্যমতে শিশুৱে সমাজত চলিবলৈ যি ৰীতি নীতিৰ আৱশ্যক সেয়ে চাল চলনৰ মাধ্যমেৰে অনুকৰণ কৰি লয় |
এইচ. এম. জনচনৰ মতে সামাজিকৰণ এনে এক শিক্ষণ, যিটোৰ যোগেদি শিক্ষাৰ্থীয়ে বিভিন্ন সামাজিক পালন কৰিবলৈ সমৰ্থ হয়|
সামাজিকৰণ আৰু শিক্ষাৰ সম্পৰ্ক অতি মধুৰ, সিহতক একেটা মুৰ্দ্ৰাৰ দুপিঠি বুলিওঁ কোৱা হয়, সামাজিকৰণ নোৱাকৈ কোনেওঁ উপযুক্ত শিক্ষা গ্ৰহন কৰিব নোৱাৰে| শিক্ষা গ্রহণ কৰিবলৈ প্ৰথমে সমাজত খাপ খাব লাগিব| প্ৰতিখন সমাজে যৌগিক প্ৰক্ৰিযাৰ মাধ্যমৰ শিশুসকলক লাহে লাহে সামাজিক কৰি তুলে | শিক্ষা হল সামাজিকৰণ প্ৰথম মাধ্যম শিশুৰ সামাজিকৰণৰ ক্ষেত্রত পৰিয়ালৰ পিছতেই শিক্ষা বা শিক্ষানুুষ্ঠানৰ কথা উল্লেখ কৰিব পাৰি, শিক্ষানুষ্টানত সকলো কথা শিশুৱে পৰিপাটীকৈ শিকাৰ সুযোগ পায়| বিদ্যালয়ৰ জৰিয়তে শিশুৱে সকলোধৰণৰ সামাজিক প্ৰমূল্যবোধৰ জ্ঞান অর্জন কৰে | জাতিৰ সংহতিৰ ৰক্ষা তথা সংষ্কৃতি ৰক্ষা কৰিবলৈ বিদ্যলয়েই শিশুক উদগতি দিয়ে, সামাজিকীকৰণ হল এনে একধৰণৰ শিক্ষা প্ৰদ্ধতি, সমাজত প্ৰচলিত নিদিষ্ট মূল্যবোধ, আচাৰ ব্যৱহাৰ আদিৰ জ্ঞান দিয়াই হৈছে সামাজিকৰণৰ উদ্দেশ্য | প্ৰত্যকখন সমাজৰে নিজা নিজা আচাৰ ব্যৱহাৰ, নীতি-নিয়ম, জীবনধাৰণ প্ৰদ্ধতি, শিক্ষাৰ দ্বাৰা এটা প্ৰবজন্মৰ পৰা আন এটা প্ৰজন্মলৈ হস্তান্তৰিত হয়| সেয়েহ শিক্ষা আৰু সামাজিকৰণ মাজত সম্পৰ্ক মধুৰ|
সম্প্রদায় হল ক্ষুদ্র বা বৃহৎ জনগোষ্ঠী যাৰ মাজত কিছু বিষয়, যেনে সামাজিক প্রথা, ধর্ম, মূল্যবোধ, আদিৰ মিল থাকে। শিক্ষার্থীৰ জীবন দক্ষতা উন্নয়নত সম্পদায়ে গুৰুত্বপূৰ্ণ ভূমিকা লয় | সম্প্ৰদায়ো এটা সামাজিকৰণৰ মাধ্যম, সম্পদায়ৰ দ্বাৰা মানুহ বা শিক্ষীর্থীয়ে সমাজত খাপ খাব পাৰে আৰু ইয়াৰ ফলত সামাজিক প্ৰাণী হিচাপে নিজকে সমাজত প্ৰতিষ্টিত হয় |
শিক্ষার্থী সকলৰ জীবন দক্ষতা উন্নয়নত সম্প্রদায়ে গুৰত্বপূৰ্ণ ভূমিকা পালন কৰে সেইবোৰ হল-----------
১. সম্প্ৰদায়ে শিক্ষীর্থী বা মানুহৰ সামাজিক গুণসমূহ প্ৰকাশ কৰাত সহায় কৰে
২. সম্প্ৰাদায়ে নিজৰ নিজৰ সংস্কৃতি ধৰি ৰখাত সহায় কৰে, উদাহৰণস্বৰূপে অসমীয়াৰ সম্প্ৰদায়ৰ বিহু |
৩. সম্প্ৰদায়ে লৰা-ছোৱালীক সামাজিকীকৰণ কৰাত সহায় কৰে |
৪. সম্প্ৰদায়ৰ সদশ্যসকলৰ মাজত একতা, মিলাপ্ৰীতি থকাৰ কাৰণে শিক্ষার্থীসকলৰ সামাজিকৰণ বৃদ্ধি পায় |
৫. সম্প্ৰদায়ে শিক্ষার্থী সকলৰ প্ৰতিভা প্ৰকাশ কৰাত সহায় কৰে |
৬. সম্প্রদায়ে শিক্ষার্থীৰ ব্যক্তিত্ব গঠন কৰাত সহায় কৰে |
No comments:
Post a Comment